Saturday, September 5, 2020
নৱম মান শ্রেণী : অসমীয়া ব্যাকৰণৰ সমাধান
নির্বাচিত পাঠবোৰ ---- ১। ণত্ব বিধি আৰু ষত্ব বিধি
ণত্ব বিধি আৰু ষত্ব বিধিৰ নিয়মাৱলী জানি লােৱা
স্থান - প্রতিষ্ঠান
আস্থান - অনুষ্ঠান
পুৰস্কাৰ - আৱিষ্কাৰ
লাস - অভিলাষ
ওপৰৰ শব্দকেইটাৰ বানান ভালকৈ চাই লােৱা । দ্বিতীয় ভাগত থকা শব্দবােৰৰ দন্ত্য স’ৰ ঠাইত মূর্ধন্য ষ ’ কিয় হৈছে জানি লওঁ আহা ।
ই , বা উ অন্তত থকা উপসৰ্গৰ পাছত সদ , সচ , সিধ , লস্ আৰু স্থা আদি ধাতুৰ স মূর্ধন্য ষ ’ হয় । যেনে— বি - সদ + ঘঞ = বিষাদ , অভি - সিচ + ঘ ঞ= অভিষেক , অভি - লস্ + ঘ ঞ: অভিলাষ , প্রতি - স্থা = প্রতিষ্ঠা , অনু - স্থা + ক্ত = অনুষ্ঠিত , এই উদাহৰণকেইটাত বি , প্রতি , অনু আদি উপসর্গ লগ লাগিছে আৰু এইবােৰ ই বা উ কাৰন্ত উপসর্গ ।
ট আৰু ঠ-ৰ সৈতে যুক্ত হলে স ’ মূর্ধন্য ষ ’ হয় । যেনে— কষ্ট , ষষ্ঠ , দুষ্ট , ওষ্ঠ ।
কিন্তু ভূমিষ্ঠ , গােষ্ঠ , অংগুষ্ঠ আৰু যুধিষ্ঠিৰ শব্দৰ ষ্ঠ ’ ওপৰত উল্লেখ কৰা নিয়ম মতে হােৱা নাই । ভূমি , গাে , অংগু শব্দৰ পাছত থকা স্থ ’ শব্দৰ স ’ আৰু যুধি শব্দৰ পাছত থকা স্থিৰ শব্দৰ স ’ মূর্ধন্য ষ ’ হয় । যেনে — ভূমি + স্থ = ভূমিষ্ঠ , গাে + স্থ = গােষ্ঠ , অংগু + স্থ = অংগুষ্ঠ , যুধি + স্থিৰ = যুধিষ্ঠিৰ ।
ঋ , ৰ , ঘৰ পাছত থকা দন্ত্য ন ’ মূর্ধন্য ণ ’ হয় । যেনে— ঋণ , তৃণ , কাৰণ , অৰুণ , কৃষাণ , বৰষুণ , বর্ণ ।
* এই নিয়মটো কেৱল সংস্কৃত শব্দত আৰু সংস্কৃতৰ অপভ্রংশ শব্দতহে খাটে । অসমীয়া শব্দত ঋ , ৰ , ষ-ৰ মাজত কোনাে ব্যঞ্জন বর্ণ বা অৰ বাদে আন স্বৰ বৰ্ণ থাকিলে দন্ত্য ন মূর্ধন্য নহয় ।
যেনে— ৰইনা , বৰিয়নি , ফেৰেঙনি , গেৰেকনি , বৰীয়ানী ।
* অসমীয়া স্ত্রী প্রত্যয় নীৰন মূর্ধন্য নহয়। যেনে — বৰানী , বৰুৱানী , কমাৰনী , কুমাৰনী , গৰাকীনী।
* দুটা ভিন ভিন শব্দ গােট খাই এটা হলে , আগৰ শব্দটোত ঋ , ৰ , ষ থাকিলেও পাছৰ শব্দৰ ন’মূর্ধন্য ণ’ নহয় । যেনে — দুর্নাম , হৰিনাম , ত্রিনয়ন , সর্বনাম , হৰিনাৰায়ণ , হৰিনাথ ।
* উত্তৰ, চান্দ্র, পৰ আদি শব্দ আগত থাকিলে পাছৰ শব্দৰ দন্ত্য 'ন’ মূর্ধন্য ‘ণ ’ হয়।
উত্তৰ + অয়ন = উত্তৰায়ণ , চান্দ্র + অয়ন = চান্দ্রায়ণ , পৰ + অয়ন = পৰায়ণ।
* দুটা শব্দ গােট খাই এটা প্রসিদ্ধ নাম হলে আগৰ শব্দত ঋ , ৰ বা ষ থাকিলে পাছৰ শব্দৰ 'ন’ মূর্ধন্য ‘ণ’ হয়। যেনে— শূর্পণখা , অক্ষৌহিণী ।
২।
সমাৰ্থক শব্দ (Synonyms In Assamese)
Last Updated in 29/11/2019
___________________ অ ___________________
অতি : অত্যন্ত, অতিশয়, অধিক, খুব, পৰম।
অগ্নি : জুই, অনল, বহ্নি, হুতাশন, পাৱক।
[HSLC '14]
অনুৰাগ : আসক্তি, প্ৰেম।
অন্ধকাৰ : তমঃ, তিমিৰ, আন্ধাৰ, নিশি।
অমৰাপুৰী : স্বৰ্গ, দেৱলোক।
অমৃত : সুধা, অমিয়, পীযুষ।
অৰ্থ : ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা,
সম্পদ, বিত্ত, ঐশ্বৰ্য।
অলংকাৰ : আভৰণ, কানি-কাপোৰ।
অসুৰ : দৈত্য, দানৱ, দেৱাৰি, ইন্দ্ৰাৰি,দিতিসুত,
দেৱৰিপু।
অসুখ: অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা।
___________________ আ ___________________
আকাশ : অম্বৰ, গগণ, ব্যোম, শূণ্য।
[HSLC' 05, '07, '10, '14, '15, '17]
আচমান : আকাশ।[HSLC '16]
আত্মীয় : কুটুম, আপোন, মানুহ, সম্বন্ধীয়
মানুহ।
আনন্দ : ৰং, আমোদ, ধেমালি।
আভৰণ : অলংকাৰ, কানি-কাপোৰ।
আহত : আঘাত, কোব, মাৰ, প্ৰহাৰ।
আবেদন : দৰ্খাস্ত, প্ৰাৰ্থনা, নিৱেদন।
আৰাও : মাত, চিঞৰ, শব্দ।
___________________ ই ____________________
ইচ্ছা : আকাংক্ষা, অভিলাষ, অভিপ্ৰায়,
কামনা,বাঞ্ছা, স্পৃহা, অনুৰোধ, কামনা,
হেঁপাহ, হাবিয়াহ, হাবিলাষ।
___________________ ঈ ____________________
ঈশ্বৰ : নাৰায়ণ, ভগৱান, দীননাথ, দীনদয়াল,
দীনবন্ধু, পৰমেশ্বৰ, পৰমপিতা, ঈশ,
জগদীশ, বিধাতা, আল্লা, খোদা,
পৰমেশ, প্ৰভু, কৃষ্ণ, জগৎ পিতা, ধাতা,
দয়াময়, জগতস্ৰষ্টা, কৰুণাময়।
___________________ উ ____________________
উজু : সৰল, সহজ, ঢিলা।
উত্তম : উৎকৃষ্ট, ভাল, শ্ৰেষ্ঠ, সুন্দৰ, পৰম।
উভতি : উলটি।
___________________ ঋ ___________________
ঋণ : কৰ্জ, দেনা, ধাৰ।
___________________ ক ___________________
কথা : উক্তি, বচন, বাক্য, ভাষণ, শব্দ।
কন্যা : দুহিতা, তনয়া, জীয়াৰী।
কপাল : কপোল, ললাট।(HSLC, '05)
কম : তাকৰ, নগণ্য।
কৰুণ : কাতৰ, ব্যাকুল। [HSLC, '13]
কলংক : দাগ,
কাপোৰ : বস্ত্ৰ, অম্বৰ, বসন, বাস, অচ্ছাদন।
কাৰেং : ৰাজপ্ৰাসাদ; ৰজাৰ অট্টালিকা।
কিতাপ : পুস্তক, গ্ৰন্থ, পুথি।
কিৰণ : জেউতি, দীপ্তি, ৰশ্মি, বন্তি, পোহৰ।
কুশল : কল্যান, মঙ্গল, শুভ, সুখ, সমৃদ্ধি।
কুসুম : পুষ্প, ফুল, কুঞ্জ।
কেৰাহি : বেকাঁ দৃষ্টি,
কেৰাহী : লোহৰা,
কেৰু : কেয়ুৰ, থুৰীয়া।
___________________ গ ___________________
গছ : বৃক্ষ, মহীৰুহ, বিটপী, শাখী, পাদপ, ডৰু,
দ্ৰুম, অগম, নগ, বিটপ, ক্ষিতিজ
[HSLC'14]
গধূলি : গধূলা, সন্ধিয়া, সন্ধ্যা, দিন-ৰাতিৰ
সন্ধি।
গাখীৰ : ক্ষীৰ, দধী।
গীত : গান, স্বৰ।
গৃহস্থ : সংসাৰী, বিবাহিত, বিষয়ী, পৰিণীত।
___________________ ঘ ___________________
ঘৰ : আবাস, আলয়, গৃহ, ভৱন, নিলয়।
[HSLC '15]
ঘাট : নৈ, উপকূল।
ঘাঁহ : তৃণ, বন, হাবি।
ঘিউ : ঘৃত, হবিস, সৰ্পি, অমৃত, আয়ু, হোম।
ঘোঁৰা : অশ্ব, হয়, তুৰঙ্গ, ঘোটক।
___________________ চ ____________________
চকু : লোচন, নয়ন, অক্ষি, নেত্ৰ।
[HSLC'05,'09,'15]
চন্দ্ৰ : ইন্দু, জোন, জোনবাই, শশী, শশধৰ,
শশাংক, নিশাপতি, নিশাকৰ, সুধাকৰ,
সুধাংশু, চন্দ্ৰমা, সোম, শশধৰ, সুধাকৰ,
শশাণ্ঙ্ক।
চৰা : উচ্চ, বৰ্ধিত।
চৰাই : পক্ষী, বিহগ, বিহংগ, চিৰিকতি,
বিহংগম, খেচৰ, খগ, দ্বিজ।
চাকৰ : দাস, ভৃত্য, বন্দী।
চাৰু : উত্তম, সুন্দৰ, মিহি, নিমজ, ধুনীয়া,
শুৱনি।
চিকুণ : মিহি, সুন্দৰ, উত্তম, পুষ্ট।
চিনেমা : চলচিত্ৰ, বোলছবি, কথা।
চিন্তো : ভাবোঁ।
___________________ ছ ____________________
ছাল : চৰ্ম, চামৰা, ত্বক, বাকলি।
ছিদ্ৰ: বিন্ধা, ফুটা, জলঙা।
___________________ জ ___________________
জন্ম : উৎপত্তি, জনন, জনম, উদ্ভৱ, অৱিৰ্ভাৱ।
জলক : দীপ্তি, চকমকীয়া পোহৰ।
জড় : অচেতন, জীৱনহীন।
জিভা : জিহ্বা, ৰসনা।
জীৱিত : জীয়া, প্ৰাণযুক্ত, প্ৰাণৱন্ত, জীৱন্ত।
জুই : অগ্নি, বহ্নি, অনল, হুতাহন, পাৱক।
জোন : জোনবাই, চন্দ্ৰ।
___________________ ড ____________________
ডাঙৰ : বৃহৎ, বৰ, শ্ৰেষ্ঠ, প্ৰবল, বয়সীয়া,
দায়িত্বপূৰ্ণ, গধুৰ, গুৰু।
___________________ ত ___________________
তপ্ত : গৰম, উত্তাপ ।
তৰংগ : উৰ্মি, ঢৌ, লহৰ, হিল্লোল।
তেজ: ৰক্ত, শোণিত, ৰুধিৰ।
ত্যাগ : পৰিহাৰ, বৰ্জন, বিসৰ্জন, পৰিত্যাগ।
___________________ দ ___________________
দক্ষিণা : বৰঙণি, দান, অৰিহণা।
দৰিয়া : সাগৰ, নদী।
দাহ : পোৰণি, দহন, শোক, সন্তাপ।থ
দিন : অহঃ, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ।
দুখ : বেদনা, বেজাৰ, মনৰ কষ্ট।
দেৱতা : সুৰ, অমৰ, দেৱ, ত্ৰিদশ, দানবাৰি,
অদিতিনন্দন।
__________________ ধ ___________________
ধন: অৰ্থ, ঐশ্বৰ্য, টকা, পইচা, বিত, বিত্ত,
বিভৱ,সম্পদ, লক্ষ্মী, সম্পত্তি।
ধনী : চহকী, আঢ্যৱন্ত।
ধৰা : পৃথিৱী। [HSLC '14]
ধৱল : বগা, শুক্ল, শ্বেত, ধৱল। [HSLC '17]
ধুনীয়া : সুন্দৰ, শুৱনী, সুশ্ৰী, ধুন-মৰা।
ধাম : পবিত্ৰ ঠাই, দেৱতা আৱাস।
___________________ ন ___________________
নাবালক : কম বয়সৰ ল'ৰা, কিশোৰ।
নাৰী : অংগনা, অবলা, বনিতা, কামিনী,
মহিলা, স্ত্ৰী, ৰমনী, অৱলা, তিৰোতা।
নিগাজী : স্থায়ী, বহুদিন ধৰি, চিৰকলীয়া,
যুগমীয়া।
নিশা : ৰজনী, ৰাতি, নিশি।[HSLC '09]
নিঃশব্দ: নিৰ, নীৰৱ, নিস্তব্ধ, নিমাওমাও।
নৈ/নদী : তটিনী, সৰিৎ, স্ৰোতৱতী, তৰঙ্গিনী,
তৰংগিনী, স্ৰোতস্বিনী,
প্ৰবাহিনী,নিম্নগা,নি্ৰ্ঝৰিণী, সমুদ্ৰগা,
শৈবালিনী, সমুদ্ৰকান্তা, সাগৰগা।
(HSLC,04,'09,'15)
___________________ প ___________________
পতি : অধীশ্বৰ, কৰ্তা, কান্ত, নাথ, প্ৰভু, দৰা,
তৰ্তা, স্বামী, গৰাকী, মৰদ, গিৰিহঁত।
পত্নী : ঘৈণী, তিৰোতা, জয়া, সহধৰ্মিণী,
স্ত্ৰী,গৃহিনী, তিৰী।
পদ : ভৰি, চৰণ, পাৱ, ঠেং, পাদ।
পদূলি : চোতাল,
পদুম ফুল : অৰবিন্দ, উৎপল, কমল,
কোকনদ,তামৰস, নলিন, নলিনী,
পদ্ম, পুণ্ডৰীক, পংকজ, শতদল,
সৰোজ।
পণ্ডিত : জ্ঞানী, বিদ্বান, প্ৰাজ্ঞ, মনীষী, বিজ্ঞ, সুধী।
পৰ্বত : অগ, অচল, অৱনীধৰ, আদ্ৰ, গিৰি,
ভূধৰ,মহীধৰ, ধৰণীধৰ, অদ্ৰি, শিখৰী, নাগ, শৃংগী, শৈল, অদ্ৰি।
পহু : মৃগ, কুৰঙ্গ, হৰিণ, শাৰংগ, কুৰংগম।
পানী : জল, অপ, বাৰি, প্ৰাণ।
পিৰীতি : প্ৰেম, মৰম।
পীড়া : ব্যাধি, ৰোগ, কষ্ট, বেদনা, যন্ত্ৰণা।
পুথি : পুস্তক, গ্ৰন্থ, কিতাপ।
পূৰ্বতে : আদিতে, আগতে।
পৃথিৱী : বসুন্ধৰা, বসুধা, ধৰিত্ৰী, অৱনী, মহী,
ভূ, মেদিনী, ধৰণী, ভূমী, ক্ষিতি,
বসুমতী, ৰত্নগৰ্ভা। (HSLC'04,' 07, '09)
প্ৰয়াস : পুৰুষাৰ্থ, চেষ্টা, যন্ত।
প্ৰাচীন : পুৰণি, পুৰাতন, বহুদিনীয়া।
প্ৰিয় : মৰমৰ, চেনেহৰ, সাদৰৰ।
___________________ ব ____________________
বন : জংগল, হাবি, অৰণ্য।
বতাহ : বায়ু, পৱন, অনিল, সমিৰ, মৰুৎ, বাত।
[HSLC '16]
বন্ধু : বান্ধৱ, মিত্ৰ, মিতা, সুহৃদ, প্ৰিয়, মিতিৰ,
ইষ্ট, সখি, সখা।
বধ : হত্যা, হনন, মাৰণ, নাশ।
বাট : পথ, ৰাস্তা, মাৰ্গ, আলিবাট।
বাৰি : পানী, জল।
বাৰিধি : সাগৰ, [HSLC '17]
বিখ্যাত : প্ৰখ্যাত, প্ৰসিদ্ধ, জনাজাত।
বিটপী : বিৰিখ, গছ।[HSLC '16]
বৃত্তি : জীৱিকা, ব্যৱসায়।
বেছি : সৰহ, অধিক।
ব্যথা : দুখ, বেদনা।[HSLC '13]
___________________ ভ ___________________
ভৰি : পদ, চৰণ, ঠেং।
ভাত : সিজোৱা চাউল, অন্ন, আহাৰ।
ভৃত : চাকৰ, দাস, লগুৱা, বনকৰা মানুহ।
___________________ ম ___________________
মন্দিৰ : দেৱালয়, দ'ল, মঠ, দেৱাল।
মহিমা : মাহাত্ম্য, প্ৰতাপ, গৌৰৱ।
মণ্ডিত : অলংকৃত, বিভূষিত।
মাছ : মৎস্য, মীন, অণ্ডজ, মূক, কণ্টকী, মচ্ছ।
মাটি : মৃত্তিকা, মৃৎ, ক্ষিতি, মৃত্তি
মিত্ৰ : বন্ধু, বান্ধৱ, সখি, সুহৃদ, সহচৰ,
লগৰীয়া।
মুখ : বদন, আনন, আস্য।
মৃত্যু : মৰণ, প্ৰলয়, অন্ত, নাশ, নিধন, পঞ্চত্ব,
পৰলোক গমন, দীৰ্ঘনিদ্ৰা, অবসান,অস্ত,
নিপাত, বিলয়, বিনাশ, লয়, তিৰোভাব,
পৰলোক গমন, দেহত্যাগ, স্বৰ্গ গমন।
মেঘ : ডাৱৰ, বাদল, জলধৰ ঘন, জলধ,
নীৰদ, বাৰীদ, অমুদ, জীমুত।
(HSLC, '04)
___________________ য ____________________
যম : যমৰাজ, কৃত্যন্ত, অন্তক, শমন, কাল,
দণ্ডধৰ, দণ্ডপাণি, ধৰ্ম, ধৰ্মৰাজ,
বৈবস্বত,মহিষধ্বজ, হৰি, কংক,
জমহিষবাহন।
যত্ন : চেষ্টা, উদ্যোগ, পৰিশ্ৰম, শুশ্ৰুষা।
___________________ ৰ ____________________
ৰজা : নৰপতি, সম্ৰাট, নৰেশ্বৰ, নৃপতি, ভূপ
[HSLC '08, '10]
ৰ'দ : আতাপ, ৰ'দালি, কিৰণ।
ৰহম : দয়া।
ৰবি : সূৰ্য্য।
ৰাগি: খং, ক্ৰোধ, কোপ।
ৰাতি : নিশা, ৰজনী, তমসা, নিশি-নিশীথ,
বিভাৱৰী,যামিনী, শৰ্বৰী।
(HSLC,'04', 08)
ৰোগ : ব্যাধি, বেমাৰ, নৰীয়া, অসুখ।
___________________ ল ___________________
লাঠী : লাখুটি, টোকোন, টাঙোন।
লেখীয়া : নিচিনা, দৰে।
____________________ শ ___________________
শত্ৰু : অৰি, বৈৰী, বৈৰ, অৰাতি, শতৰু।
শেষ : অন্ত, অৱসান, ওৰ, সমাপ্তি, বাকী, বিনাশ, মৃত্যু, অৱশিষ্ট, সমাপ্ত, অন্তিম।
____________________ স ___________________
সমীৰ : অনিল, বতাহ, বায়ু, পৱন, সমীৰণ,
প্ৰভঞ্জন, বাত, মৰুৎ, মাৰুৎ, গন্ধবহ।
সঞ্চাৰ : তলা; সঁচাৰ।
সাউদ : মুদৈ, বেপাৰী, সদাগৰ।
সাগৰ : জলধি, জলধৰ, ৰত্নাকৰ, সমুদ্ৰ,
পাৰাবাৰ, পৰিধি, অম্বুধি, পয়োধি,
অৰ্ণৱ, জলনিধি।
সামৰণি : সমাপণ, অন্ত।
সুঘ্ৰাণ : ভাল গোন্ধ, মলমলনি।
সুচল : সুবিধা, ভাল উপায়, সহায়, উজু, সহজ।
সূৰ্য : ৰবি, বেলি, ভাস্কৰ, তপন, দিবাকৰ, ভানু,
অৰুণ।
সোণ : হেম, কনক, হিৰণ্য, কাঞ্জণ, স্বৰ্গ।
স্থান : ঠাই, বাস, বাসস্থান, ঘৰ।
স্নিগ্ধ : কোমল, মসৃণ, শীতল, চেঁচা।
স্বৰ্গ : স্ব, নাক, ত্ৰিদিব, ত্ৰিদশালয়, দেৱলোক,
দেৱলোক, সুৰলোক, দ্যো, দিব।
স্বৰ্ণ : সোণ, কাঞ্চন, হেম, সুৱৰ্ণ।
____________________ হ ___________________
হৰিষ : হৰ্ষ, হৰষ, আনন্দ।
হাট : বজাৰ।
হাত : হস্ত, কৰ, ভূজ, পাণি। [HSLC '16]
হাতী : হস্তী, দ্বিপ, গজ, কুঞ্জৰ।[HSLC'05]
হিয়া : হৃদয়, বুকু, অন্তৰ।
হৃদয়: বুকু, অন্তৰ, মন। [HSLC '13]
হোজা : সৰল,
হ্ৰদ : সৰোবৰ, সৰসী, পুষ্কৰ্ণী।
[ বি. দ্ৰ. : নতুন " সমাৰ্থক শব্দ" সংযোজিত কৰি থকা হ'ব।]
৩।
বিপৰীত শব্দ (Antyonms/Opposite Words In Assamese)
__________________ অ __________________
অকৃতজ্ঞ ~ কৃতজ্ঞ [HSLC '11]
অগভীৰ ~ গভীৰ
অগ্ৰগতি ~ পশ্চাৎগতি
অচল ~ সচল
অণু ~ বৃহৎ
অতিবৃষ্টি ~ অনাবৃষ্টি
অধম ~ উত্তম
অধিকাৰ ~ অনাধিকাৰ
অধীন ~ স্বাধীন
অতিবৃষ্টি ~ অনাবৃষ্টি
অনভ্যাস ~ অভ্যাস
অনুকূল ~ প্ৰতিকূল [HSLC '02]
অনুগ্ৰহ ~ নিগ্ৰহ
অনুচিত ~ উচিত
অনুৰাগ ~ বিৰাগ
অপমান ~ মান
অবৈধ ~ বৈধ
অৰ্বাচীন ~ প্ৰাচীন
অভাৱ ~ উভৈনদী
অভিজ্ঞ ~ অনভিজ্ঞ
অভ্যাস ~ অনভ্যাস
অমৃত ~ বিষ, গৰল [HSLC '09]
অলপ ~ বেছি
অসতী ~ সতী
অসভ্য ~ সভ্য
অসহায় ~ সহায়
অসাধু ~ সাধু
অসুস্থ ~ সুস্থ
অস্বাভাৱিক ~ স্বাভাৱিক
অহংকাৰ ~ নিৰহংকাৰী
অক্ষম ~ সক্ষম
__________________ আ _________________
আইনসংগ ~ বে-আইনী
আকৰ্ষণ ~ বিকৰ্ষণ [HSLC '02]
আকাশ ~ পাতাল [HSLC '14]
আচামী ~ ফৰিয়াদী
আচাৰ ~ অনাচাৰ
আঢ্যৱন্ত ~ দৰিদ্ৰ
আদৰ ~ অনাদৰ
আদান ~ প্ৰদান
আদি ~ অন্ত, অনাদি
আধুনিক ~ পুৰণি
আনন্দ ~ বিষাদ, নিৰানন্দ [HSLC '02, '12]
আন্ধাৰ ~ পোহৰ
আপদ ~ নিৰাপদ
আপোন ~ পৰ
আৰম্ভ ~ শেষ
আৰোহন ~ অৱৰোহন
আৱাহন ~ বিসৰ্জন [HSLC '00, '14]
আৰ্ৱিভাৱ ~ তিৰোভাৱ, অন্তৰ্ধান [HSLC '03]
আশা ~ নিৰাশা [HSLC '13]
আশীৰ্বাদ ~ অভিশাপ [HSLC '09]
আস্তিক ~ নাস্তিক
আয় ~ ব্যয়
আয়তী ~ বিধৱা
আঁতৰ ~ ওচৰ
__________________ ই ___________________
ইচ্ছা ~ অনিচ্ছা
ইহলোক ~ পৰলোক [HSLC '09, '14]
ইষ্ট ~ অনিষ্ট
__________________ উ ___________________
উচিত ~ অনুচিত
উচ্চ ~ নীচ [HSLC '03]
উচ্ছৃঙ্খল ~ সুশৃঙ্খল
উজনি ~ নামনি [HSLC '00]
উজু ~ টান, জটিল
উত্তৰ ~ প্ৰশ্ন
উত্তম ~ নৰম, অধম
উত্তমৰ্ণ ~ অধমৰ্ণ
উত্থান ~ পতন
উদয় ~ অস্ত
উদাৰ ~ সংকীৰ্ণ
উদ্গতি ~ অৱনতি
উদং ~ ভৰ্তি
উন্নতি ~ অৱনতি [HSLC '06, '13]
উন্মুক্ত ~ অৱৰুদ্ধ
উপকাৰ ~ অপকাৰ [HSLC '99]
উপযুক্ত ~ অনুপযুক্ত
উপযোগী ~ অনুপযোগী
উপস্থিত ~ অনুপস্থিত
উৰ্বৰ ~ অনুৰ্বৰ
উৎকৃষ্ট ~ নিকৃষ্ট
উৎসাহ ~ নিৰুৎসাহ
__________________ এ __________________
এতিয়া ~ তেতিয়া
__________________ ঐ __________________
ঐক্য ~ অনৈক্য
__________________ ও __________________
ওখ ~ চাপৰ [HSLC '02, '09]
ওপৰ ~ তল
ওপৰত ~ তলত
__________________ ক __________________
ক'লা ~ বগা
ককাইদেউ ~ বাইদেউ
কঠিন ~ উজু, সহজ
কঠোৰ ~ কোমল
কনিষ্ঠ ~ জ্যেষ্ঠ [HSLC '08]
কন্দা ~ হহাঁ
কপটীয়া -- উদাৰ
কাতৰ ~ অকাতৰ
কুটিল ~ সৰল, উদাৰ
কেঁচা ~ পকা
কৃতকাৰ্য ~ অকৃতকাৰ্য
কৃতজ্ঞ ~ অকৃতজ্ঞ [HSLC '13]
কৃত্ৰিম ~ স্বাভাৱিক, অকৃত্ৰিম
কৃপণ ~ খৰচী, ধোঁলাখুলীয়া
কৃশ ~ স্থূল
কোমল ~ টান
ক্ৰন্দন ~ হাঁহি
__________________ খ ___________________
খাদ্য ~ অখাদ্য
খালী ~ ভৰ্তি
খোৱা ~ নোখোৱা
__________________ গ ___________________
গধুৰ ~ পাতল
গধূলি ~ পুৱা
গৰম ~ শীত
গৰিমল ~ মিল
গৰিষ্ঠ ~ লঘিষ্ঠ
গহীন ~ পাতল [HSLC '15]
গুচৰীয়া ~ আচামী
গুণ ~ দোষ
গুপন ~ প্ৰকাশ
গুপ্ত ~ প্ৰকাশ্য
গুৰু ~ শিষ্য
গ্ৰহণ ~ ত্যাগ, বৰ্জন [HSLC '03]
__________________ ঘ ___________________
ঘন ~ পাতল
__________________ চ ___________________
চহকী ~ দৰিদ্ৰ
চৰিত্ৰৱন্ত -- চৰিত্ৰহীন
চৰিত্ৰহীন ~ চৰিত্ৰৱান
চেতন ~ জড়, অচেতন
চুটি ~ দীঘল
চোৰ ~ সাধু
__________________ জ___________________
জটিল ~ সৰল
জপা ~ মেলা
জন্ম ~ মৃত্যু [HSLC '01]
জয় ~ পৰাজয়
জাৰ ~ জহ
জীৱন ~ মৃত্যু, মৰণ
জুটি ~ বিজুটি
জ্যেষ্ঠ ~ কনিষ্ঠ [HSLC '07]
জয় ~ পৰাজয়
জঁয় ~ সতেজ
জ্ঞাত ~ অজ্ঞাত
জ্ঞান ~ অজ্ঞানড়
জ্ঞানী ~ মূৰ্খ [HSLC '02]
__________________ ট ___________________
টান ~ উজু, ঢিলা [HSLC '14]
টেঙৰ ~ সৰল
__________________ ঠ ___________________
ঠেক ~ বহল
__________________ ড___________________
ডাঙৰ ~ সৰু
__________________ ঢ ___________________
ঢিলা ~ কঠিন
__________________ ত ___________________
তপত ~ চেঁচা, ঠাণ্ডা
তল ~ ওপৰ
তাকৰ ~ সৰহ
তিৰস্কাৰ ~ পুৰস্কাৰ
তেজী ~ লেহেম
ত্যাগ ~ গ্ৰহণ
ত্ৰুটী ~ ত্ৰুটীহীন
__________________ দ ___________________
দ' ~ বাম
দণ্ড ~ মুক্তি
দয়ালু ~ নিৰ্দয়
দাতা ~ গ্ৰহীতা
দিঠক ~ সপোন
দিন ~ ৰাতি
দীঘল ~ চুটি
দুখীয়া ~ ধনী
দুৰ্বল ~ সবল [HSLC '00]
দুৰ্বলী ~ ক্ষমতাসম্পন্ন
দূৰ ~ ওচৰ
দৃষ্টিহীন ~ দৃষ্টিক্ষম
দেনা ~ পাওনা
দেৱতা ~ দৈত্য, দানৱ
দেৱত্ব ~ পশুত্ব
দেশ ~ বিদেশ
দেশপ্ৰেম ~ দেশদ্ৰোহী
দেশহিতৈষীতা ~ দেশদ্ৰোহীতা
দেশী ~ বিদেশী
দোষ ~ গুণ, নিৰ্দোষ [HSLC '12]
দ্ৰুত ~ মন্থৰ
__________________ ধ ___________________
ধনৱন্ত ~ দৰিদ্ৰ, ধনহীন
ধনী ~ দুখীয়া
ধৰ্ম ~ অধৰ্ম
ধৈৰ্য ~ অধৈৰ্য
ধ্বংস ~ নিৰ্মাণ
__________________ ন ___________________
ন ~ পুৰণি
নতুন ~ পুৰণি
নবীন ~ প্ৰবীন
নম্ৰতা ~ উগ্ৰতা
নিকৃষ্ট ~ উৎকৃষ্ট
নিন্দা ~ প্ৰশংসা, স্তুতি
নিদ্ৰা ~ জাগ্ৰত, অনিদ্ৰা, জাগৰণ
নিৰ্ভুল ~ ভুল [HSLC '07]
নিম্নোক্ত ~ উপৰোক্ত
নিষ্কৰ্মা ~ কৰ্মী
নিৰস ~ সৰস
নিৰাশা ~ আশা
নিৰানন্দ ~ আনন্দ
নিৰ্মল ~ মলিন
নিলগত ~ ওচৰত
নিশা ~ দিবা
নিষ্ঠুৰ ~ দয়ালু
নিস্তব্ধতা ~ হাহাকাৰ
নিয়ম ~ অনিয়ম
নীতিপৰায়ণ ~ অনীতিপৰায়ণ
নেদেখা ~ দেখা
ন্যায় ~ অন্যায়
__________________ প ___________________
পণ্ডিত ~ মূৰ্খ
পৰনিৰ্ভৰশীল ~ আত্মনিৰ্ভৰশীল
পৰিমিত ~ অপৰিমিত
পৰিশ্ৰমী ~ এলেহুৱা
পৰোক্ষ ~ প্ৰত্যক্ষ [HSLC '08, '10]
পৱিত্ৰ ~ অপৱিত্ৰ
পাপ ~ পুণ্য
পাহাৰ ~ সমতল
পাতল ~ ঘন
পাৰ্থক্য ~ মিল
পুণ্য ~ পাপ
পুৰণি ~ নতুন
পুৰুষ ~ মহিলা
পূব ~ পশ্চিম
পোহৰ ~ আন্ধাৰ
প্ৰচুৰ ~ অলপীয়া, অপ্ৰচুৰ
প্ৰকৃত ~ অপ্ৰকৃত
প্ৰকাণ্ড ~ সৰু, ক্ষুদ্ৰ
প্ৰখ্যাত ~ অখ্যাত
প্ৰতিকূল ~ অনুকূল
প্ৰতিবাদ ~ সমৰ্থন
প্ৰত্যক্ষ ~ পৰোক্ষ
প্ৰবীন ~ নবীন
প্ৰভু ~ ভৃত্য, চাকৰ
প্ৰৱেশ ~ প্ৰস্থান
প্ৰশংসা ~ নিন্দা [HSLC '06]
প্ৰস্থান ~ আগমন
প্ৰাকৃত ~ বিকৃত
প্ৰাচীন ~ নবীন [HSLC '03]
প্ৰাচ্য ~ পাশ্চাত্য, প্ৰতীচ্য
প্ৰৌঢ় ~ অপ্ৰৌঢ়
প্ৰয়োজনীয় ~ অপ্ৰয়োজনীয়
প্ৰাচীন ~ আধুনিক
__________________ ব ___________________
বলী ~ নিৰ্বলী
বন্ধুত্ব ~ শত্ৰুতা
বৰ্তমান ~ অবৰ্তমান
বন্ধ ~ মুক্ত
বন্ধন ~ মুক্তি
বাদী ~ বিবাদী
বাহিৰ ~ ভিতৰ
বিখ্যাত ~ অখ্যাত
বিদেশী ~ স্বদেশী
বিদ্বান ~ মূৰ্খ
বিফলতা ~ সফলতা
বিধি ~ অবিধি
বিনয় ~ উগ্ৰ, গৰ্ব, দুৰ্বিনয়
বিৰহ ~ মিলন
বিৰাম ~ অবিৰাম
বিশ্বাস ~ অবিশ্বাস [HSLC '12]
বিস্তৃত ~ সংক্ষিপ্ত
বুকু ~ পিঠি
বৃহৎ ~ ক্ষুদ্ৰ
বৈচিত্ৰ্য ~ মিল, ঐক্য
বৈধ ~ অবৈধ
বৈসাদৃশ্য ~ সাদৃশ্য
__________________ ভ ___________________
ভক্তি ~ অভক্তি
ভদ্ৰ ~ অভদ্ৰ
ভাই ~ ভনী
ভাল ~ বেয়া, মন্দ
ভুল ~ শুদ্ধ
ভূত ~ ভৱিষ্যৎ
ভৈয়াম ~ পাহাৰ
ভোটা ~ জোঙা, চোকা
__________________ ম ___________________
মান ~ অপমান
মিছা ~ সচাঁ
মিঠা ~ তিতা
মিহি ~ খহটা
মিলন ~ বিচ্ছেদ
মুকলি ~ বন্ধ
মুখ্য ~ গৌণ
মূৰ্খ ~ জ্ঞানী
মূল্যহীন ~ অমূল্য
মৃত ~ জীৱিত [HSLC '06, '10]
মৌখিক ~ লিখিত
__________________ য ___________________
যত্ন ~ অযত্ন
যশ ~ অপযশ
যোগ ~ বিয়োগ
__________________ ৰ ___________________
ৰজনী ~ প্ৰভাত
ৰজা ~ প্ৰজা
ৰূপ ~ কুৰুপ, অৰূপ
ৰূপৱতী ~ কুৎসিত
__________________ ল ___________________
লঘু ~ গুৰু
লাভ ~ লোকচান
লেহেম ~ খৰ
__________________ শ ___________________
শকত ~ খীণ, চেৰেলা
শত্ৰু ~ মিত্ৰ
শয়ন ~ জাগ্ৰত
শান্ত ~ অশান্ত
শান্তি ~ অশান্তি
শিক্ষিত ~ অশিক্ষিত
শীতল ~ গৰম
শুক্ল ~ কৃষ্ণ
শুভ ~ অশুভ
শেষ ~ আৰম্ভ
শোক ~ আনন্দ, হৰ্ষ
__________________ স ___________________
সজ -- অসজ
সজীৱ ~ নিৰ্জীৱ
সদাচাৰ ~ কদাচাৰ, কুআচাৰ
সদয় ~ নিৰ্দয়
সধৱা ~ বিধৱা
সন্মান ~ অসন্মান, অপমান [HSLC '15]
সন্তোষ -- অসন্তোষ
সন্ধি ~ বিগ্ৰহ, বিসন্ধি
সপক্ষ ~ বিপক্ষ
সপোন ~ দিঠক
সফলতা ~ বিফলতা
সমাপ্তি ~ আৰম্ভণি
সম্পদ ~ অসম্পদ [HSLC '99]
সম্ভৱ ~ অসম্ভৱ
সৰল ~ জটিল, কুটিল
সৰহ ~ কম
সৰু ~ বৰ
সস্তা ~ মহঙা
সহযোগ ~ অসহযোগ
সহযোগিতা ~ প্ৰতিযোগিতা
সাকাৰ ~ নিৰাকাৰ
সাধু ~ দুষ্ট
সাহসিকতা ~ ভীৰুতা
সুকৃতি ~ দুষ্কৃতি
সুখ ~ দুখ
সুখী ~ দুখী [HSLC '06]
সুখ্যাত ~ কুখ্যাত
সুগম ~ দুৰ্গম
সুন্দৰ ~ কুৎসিত, আপচু
সুপুৰুষ ~ কুপুৰুষ
সুবিধা ~ অসুবিধা
সুযোগ ~ দুৰ্যোগ
সুৰ ~ অসুৰ
সৃষ্টি ~ ধ্বংস, প্ৰলয়
সৌভাগ্য ~ দুৰ্ভাগ্য
স্বদেশী ~ বিদেশ
স্বৰ্গ ~ নৰক
স্বাৰ্থপৰ ~ নিস্বাৰ্থ
স্বাৰ্থ ~ নিস্বাৰ্থ, পৰাৰ্থ
স্বাধীন ~ পৰাধীন [HSLC '00]
স্থাৱৰ ~ অস্থাৱৰ [HSLC '99]
স্থায়ী ~ অস্থায়ী
স্থিৰ ~ অস্থিৰ, চঞ্চল
সৎ ~ অসৎ
সৎচৰিত্ৰ ~ কুচৰিত্ৰ
সংযোগ ~ বিয়োগ, বিচ্ছিন্ন
সংহতি ~ বিভেদ, বিচ্ছিন্নতা
__________________ হ ___________________
হৰণ ~ পুৰণ
হৰা ~ জিকা
হৰ্ষ ~ বিষাদ [HSLC'99]
হাঁহি ~ কান্দোন
হিত ~ অহিত
হ্ৰাস ~ বৃদ্ধি
__________________ ক্ষ __________________
ক্ষমা ~ প্ৰতিশোধ
ক্ষয় ~ অক্ষয়, বৃদ্ধি [HSLC '15]
ক্ষুদ্ৰ ~ বৃহৎ
৪।
অসমীয়া ব্যাকৰণ Assamese Grammar | সন্ধি | SEBA QUESTION BANK 2019
সন্ধি ভাঙা :
১। হিতাহিত ; অতীন্দ্ৰিয় [HSLC'08]
হিতাহিত : হিত + অহিত।
অতীন্দ্ৰিয় : অতি + ইন্দ্ৰিয়।
২। সন্ধি কাক বোলে উদাহৰণ দি বুজাই লিখা।
[HSLC'09]
উত্তৰ : নিচেই ওচৰা - উচৰিকৈ থকা দুটা শব্দৰ
প্ৰথমটোৰ শেষাক্ষৰ আৰু দ্বিতীয়টোৰ
আদ্যক্ষৰৰ পাৰস্পৰিক প্ৰভাৱৰ ফলত যি
মিলন ঘটে তাকেই সন্ধি বোলা হয়।
"পৰম" আৰু "মৃত" এই দুটা শব্দ সন্ধি
হৈ "পৰমামৃত" হৈছে। "পৰম" শব্দটোৰ "অ"
আৰু "মৃত" শব্দৰ "অ" মিলি "আ" হৈছে। ফলত
নতুন শব্দটো হৈছে "পৰমামৃত"।
৩। সংস্কৃত, অতীন্দ্ৰিয়। [HSLC'10]
সংস্কৃত : সম্ + কৃত।
অতীন্দ্ৰিয় : অতি + ইন্দ্ৰিয়।
৪। যথাৰ্থ, ইত্যাদি, নীৰৱ, দেৱৰ্ষি। [HSLC'11]
যথাৰ্থ : যথা + অৰ্থ।
ইত্যাদি : ইতি + আদি।
নীৰৱ : নিঃ+ ৰৱ।
দেৱৰ্ষি : দেৱ + ঋষি।
৫। পৰীক্ষা, হিতাহিত, নাৱিক, হিমালয়।
[HSLC'12]
পৰীক্ষা : পৰি + ঈক্ষা।
হিতাহিত : হিত + অহিত।
নাৱিক: নৌ + ইক।
হিমালয় : হিম + আলয়।
৬। হিমাচল, গিৰীন্দ্ৰ, যথেষ্ট, উচ্ছেদ[HSLC'13]
হিমাচল : হিম + আচল।
গিৰীন্দ্ৰ : গিৰ + ইন্দ্ৰ।
যথেষ্ট : যথা + ইষ্ট।
উচ্ছেদ : উৎ + ছেদ।
৭। যথাৰ্থ, নমস্কাৰ, ৰাজৰ্ষি, বিদ্যালয়।
[HSLC'14]
যথাৰ্থ : যথা + অৰ্থ।
নমস্কাৰ : নমঃ + কাৰ।
ৰাজৰ্ষি : ৰাজ + ঋষি।
বিদ্যালয় : বিদ্যা + আলয়।
৮। উচ্ছল, কটুক্তি, ইত্যাদি, নিশ্চয়।[HSLC'15]
উচ্ছল : উৎ + ছল।
কটুক্তি : কটু + উক্তি।
ইত্যাদি : ইতি + আদি।
নিশ্চয় : নিঃ+চয়।
৯। বিদ্যালয়, চন্দ্ৰোদয়, যদ্যাপি, নমস্কাৰ।
[HSLC'16]
বিদ্যালয় : বিদ্যা + আলয়।
চন্দ্ৰোদয় : চন্দ্ৰ + উদয়।
যদ্যাপি : যদি + অপি।
নমস্কাৰ : নমঃ + কাৰ।
১০। ইত্যাদি, হোমাগ্নি, সংস্কৃতি, যদ্যপি।
[HSLC'17]
ইত্যাদি : ইতি + আদি।
হোমাগ্নি : হোম + অগ্নি।
সংস্কৃত : সম্ + কৃত।
যদ্যপি : যদি + অপি।
১১। সূৰ্যোদয়, যথেষ্ট, অন্বেষণ, ভাবুক।
[HSLC'18]
সূৰ্যোদয় : সূৰ্য + উদয়।
যথেষ্ট : যথা + ইষ্ট।
অন্বেষণ : অনু + এষণ।
ভাবুক : ভৌ + উক।
৬।জতুৱা খণ্ডবাক্যৰ অৰ্থ
খণ্ডবাক্য আৰু জতুৱা ঠাঁচেৰে বাক্য ৰচনা কৰা | SEBA QUESTION BANK 2019
১। বুকুৰ কুটুম, পানীৰ তলত কাঁইট, সাত সৈয়াকণী, চকুৰ কুটা দাঁতৰ শাল। [HSLC '98]
বুকুৰ কুটুম (অতি আপোন) : বুকুৰ কুটুমৰ
লগতে সকলোকে মৰম - চেনেহ কৰা উচিত।
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু) : পানীৰ
তলৰ কাঁইটৰ উৱাদিহ পোৱাটো সহজ নহয়।
সাত ঘাটৰ সৈয়াকণী (অতি চতুৰ, অতি দুষ্ট) :
জীৱ - জন্তুৰ ভিতৰত শিয়ালেই হৈছে সাত
ঘাটৰ সৈয়াকণী।
চকুৰ কুটা দাঁতৰ শাল (শত্ৰু, দেখিব নোৱাৰা) :
পাকিস্তানৰ বাবে ভাৰত চকুৰ কুটা দাঁতৰ
শাল।
২। দলনিত পোনা মেলা, ঢৌতে খৰ মাৰ, দুই নাও দুই ভৰি হোৱা, ইহলীলা সম্বৰণ কৰা। [HSLC'99]
দলনিত পোনা মেলা ( আলাই-আথানি কৰ) :
বানপানীয়ে গাঁৱৰ ৰাইজক দলনিত পোনা
মেলিলে।
ঢৌতে খৰ মাৰ ( ব্যস্ততাৰ মাজতেই সময়
উলিয়াই) : পৰীক্ষাৰ বাবে প্ৰস্তুত চলাও ঢৌত
খৰ দি মোহনে ঘৰৰ দায়িত্ব পালন কৰিছিল।
দুই নাও দুই ভৰি হোৱা ( কি কৰোঁ কি নকৰোঁ
অৱস্থা হোৱা) : ইমানবোৰ কাম কৰিবলগীয়া
হোৱাত মোৰ দুই নাও দুই ভৰি হোৱাৰ দৰে
হৈছিল।
ইহলীলা সম্বৰণ কৰা (মৃত্যু হোৱা) : বহু দিন
ধৰি বেমাৰত ভুগি থাকি অৱশেষত মানুহজনে
ইহলীলা সম্বৰণ কৰিলে।
৩। লোকান্তৰ ঘটা, চকু গজা, থেৰোগেৰোঁ কৰা, চকু দিয়া।[HSLC'2000]
লোকান্তৰ ঘটা (মৃত্যু হোৱা) : বহুদিন বেমাৰত
ভুগি থাকি অৱশেষত মানুহজনৰ লোকান্তৰ
ঘটিল।
চকু গজা (বুজন হ, জনা হ) : কিতাপ
কেইখনমান পঢ়াৰ পিছতহে তাৰ চকু গজিছে।
থেৰোগেৰোঁ কৰা (কোনো কাম কৰোঁ নকৰোঁ
কৰা অৱস্থা) : এলেহুৱা লোকে কাম
কৰিবলগীয়া হ'লেই থেৰোগেৰোঁ কৰে।
চকু দিয়া (নজৰ ৰখা) : আমাৰ কাম-কাজৰ
দ্বাৰাই পিতৃ-মাতৃ যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতি
আমি চকু দিয়া উচিত।
৪। বুকুৰ কুটুম, কাণ কটা, ঘৰপতা, হাত লৰ। [HSLC'01]
বুকুৰ কুটুম (অতি আপোন) : বুকুৰ কুটুমজনৰ
অন্যায় কোনেও সহ্য কৰিব নোৱাৰে।
কাণ কটা (দুষ্ট) : কাণ কটা স্বভাৱৰ লোকক
কোনেও ভাল নাপায়।
ঘৰ পতা (বিয়া বাৰু হ) : বয়স হ'ল, ছোৱালী
চাই সোনকালে ঘৰখন পাত।
হাত লৰ (চোৰ স্বভাৱ) : হাত লৰ স্বভাৱৰ মানুহে
পালেই আনৰ বস্তু নিবলৈ বিচাৰে।
৫। কাণে কাণ মাৰি, কপাল ফুল, বুকুৰ কুটুম, গা গধুৰ।[HSLC'02]
কাণে কাণ মাৰি (কোনোমতে, কথমপি) :
পৰীক্ষাত কাণে কাণ মাৰি উত্তীৰ্ণ হ'লে ভাল
কলেজত নামভৰ্তি কৰিব পৰা নাযায়।
কপাল ফুল (সৌভাগ্য উদয় হ) : চাৰিওজন
পুতেক চাকৰিত সোমোৱাত মাক-বাপেকৰ
কপাল ফুলিল।
বুকুৰ কুটুম (অতি আপোন) : বুকুৰ কুটুমজনৰ
প্ৰতি় সদায়ে মৰমীয়াল হোৱা উচিত।
গা গধুৰ (লেধা, কামধীৰ) : গা গধুৰ লোকে
কামবোৰ সোনকালে কৰিব নোৱাৰে।
৬। অজীন পাতকী, হাত টান, গাই বাই চা, ন দি ক, পাবত গজা।[HSLC'03]
অজীন পাতকী (দুষ্ট) : অজীন পাতকী লোকে
য'তে ত'তে অঘটন ঘটাই ফুৰে।
হাত টান (কৃপণ) : হাত টান মানুহৰ পৰা ধাৰৰ
আশা নকৰাই শ্ৰেষ্ঠ।
গাই বাই চা (কৈ মেলি চা, কাকূতি-মিনতি কৰ) :
প্ৰধানৰ ওচৰত গাই বাই চাইহে তাৰ সন্তানটিৰ
নামভৰ্তি ঠিক হ'ল।
ন দি ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ
ক) : অসত্য কথাক সত্য বুলি কোনেও ন দি ক'ব
নোৱাৰে।
পাবত গজা (অস্বাভাৱিক) : পাবত গজা নেতাই
দেশৰ কল্যাণ সাধিব নোৱাৰে।
৭। চকু চৰহা, মুখ লাগ, হাতত সাৰে ভৰিত সাৰে, পেটে ভাতে খা।[HSLC'04]
চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা) : চকু
চৰহা লোকে আনৰ ভাল হোৱা সহ্য কৰিব
নোৱাৰে।
মুখ লাগ ( আনৰ লোভ লগাৰ পৰা পীড়া হ,
শ্ৰীহীন হ) : মুখ লগা কাৰণেই সুন্দৰ কলথোক
নষ্ট হ'ল।
হাতত সাৰে ভৰিত সাৰে (কোনো সাৰ-সুৰ
নোহোৱাকৈ) : সি শুই থাকোঁতেই চোৰটোৱে তাৰ
কাষৰেই হাতত সাৰে ভৰিত সাৰে গৈ
বস্তুকেইপদ লৈ গ'ল।
পেটে ভাতে খা (কোনোৰকমে খাই লৈ চলি
থাক) : আজিকালি আনকি দুখীয়া লোকৰো
পেটে ভাতে খাই চলাই টান হৈ পৰিছে।
৮। উভৈনদী, কাণ বাগৰা, গাজত লগা, হাত টান।[HSLC'05]
উভৈনদী (অপৰ্যাপ্ত, উপচি) : ভাগ্য ভাল হ'লে
মানুহৰ ধনে-ধানে উভৈনদী হৈ পৰিছে।
কাণ বাগৰা (লোকৰ মুখে শুনা) : কাণ বাগৰা
কথাত বিশ্বাস কৰিব নালাগে।
গাজত লগা (হিয়াত লগা, মৰ্মান্তিক, হৃদয়
বিদাৰক) : গাজত লগা কথাই অন্তৰত বৰ দুখ
দিয়ে।
হাত টান (কৃপণ) : হাত টান মানুহে সজ কামতো
ধন খৰচ কৰিব নোৱাৰে।
৯। পানীৰ তলৰ কাঁইট, টুপাই বুৰ মাৰ, খাই পাত ফলা, ধোদৰ পচলা।[HSLC'06]
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু) : পানীৰ তলৰ কাঁইটৰ দৰে দেশখনৰ অনিষ্টকাৰী লোক কিমান আছে ধৰিব নোৱাৰি।
টুপাই বুৰ মাৰ (আসৈ মাত) : অকৃতজ্ঞ লোকক
সহায় কৰিলেও সহায় পোৱা নাই বুলি টুপাই বুৰ
মাৰে।
খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ
পাহৰা) : খাই পাত ফলা লোকক উপকাৰ কৰি
একো লাভ নাই।
ধোদৰ পচলা (এলেহুৱা, অকামিলা) : ধোদৰ
পচলা হৈ ঘূৰি ফুৰিলে আজিৰ দিনত মুখ
নভৰে।
১০। পেটে ভাতে খা, নাকত তেল দি শোৱা, চকু দিয়া, দুই নাও দুই ভৰি হোৱা।[HSLC'07]
পেটে ভাতে খা (কোনোৰকমে খাই লৈ চলি
থাক) : দাম বৃদ্ধি পালেই দৰিদ্ৰ লোকৰ পেটে
ভাতে খাই জীয়াই থকাই টান হৈ পৰে।
নাকত তেল দি শোৱা (কোনো চিন্তা-ভাবনা
নোহোৱাকৈ থকা) : তোৰ সকলো কাম আনে
কৰিব যেতিয়া তই নাকত তেল দি শুই থাক।
চকু দিয়া (নজৰ ৰখা) : ল'ৰা-ছোৱালীয়ে যাতে
অসৎ সংগ নলয় তাৰ প্ৰতি মাক-পিতাকে চকু
দিয়া উচিত।
দুই নাও দুই ভৰি হোৱা (কি কৰোঁ কি নকৰোঁ
অৱস্থা হোৱা) : দুই নাও দুই ভৰি হোৱাতকৈ শান্ত
হৈ বাট মোকোলোৱাটোয়েই শ্ৰেষ্ঠ।
১১। পানীৰ তলৰ কাঁইট, চকুৰ কুটা দাঁতৰ শাল।[HSLC'08]
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু) : পানীৰ
তলৰ কাঁইটে ক'ত কি বিপদ ঘটায় ক'ব
নোৱাৰি।
চকুৰ কুটা দাঁতৰ শাল (শত্ৰু, দেখিব নোৱাৰা) :
আনৰ চকুৰ কুটা দাঁতৰ শাল হৈ লাভ নাই।
১২। বিনা মেঘে বজ্ৰপাত, আমন-জিমনকৈ, উলহ মালহ, ডলাৰ বগৰী।[HSLC'09]
বিনা মেঘে বজ্ৰপাত (অভাৱনীয় ভাৱে,
অকস্মাৎ বিপদ অহা) :
আমন-জিমনকৈ (মনমৰা) : বেয়া খবৰটো পাই
সি আমন-জিমনকৈ বহি আছে।
উলহ মালহ (আনন্দ উৎসৱ সহ) : বহু দিনৰ
মূৰত ল'ৰাজন ঘৰলৈ ঘূৰি অহাত ঘৰখনত এক
উলহ-মালহ পৰিৱেশে বিৰাজ কৰিছে।
ডলাৰ বগৰী (ঘনাই মত বা বাসস্থান সলোৱা
মানুহ) : সৰু সৰু ল'ৰা-ছোৱালীবিলাক গোটেই
দিনটো ডলাৰ বগৰীৰ দৰে ঘূৰি থাকে।
১৩। আকাশ কুসুম, পানীৰ তলৰ কাঁইট।[HSLC'10]
আকাশ কুসুম (মনৰ মিছা কল্পনা) : আকাশ
কুসুমত সময় কটায় কোনো লাভ নাই।
পানীৰ তলৰ কাঁইট (গোপন শত্ৰু) : আমি
সকলোৱে পানীৰ তলৰ কাঁইটক চিনিব পৰাকৈ
বুদ্ধিমান হ'ব লাগে।
১৪। উখল মাখল, কুন্দত কটা।[HSLC'11]
উখল মাখল (কিবা কাম কৰিবলৈ আয়োজন
কৰোঁতে হোৱা আলোচনা) : বিয়া পাতিবলৈ
লোৱাত ঘৰখনত উখল-মাখল লাগি পৰিছে।
কুন্দত কটা (ধুনীয়া, নিপোটল) : ছোৱালীজনী
ইমান ধুনীয়া যেন কুন্দত কটাহে।
১৫। জাকত জিলিকা, ডলাৰ বগৰী, বগলী ভকত, গাই বাই চা।[HSLC'12]
জাকত জিলিকা ( বিখ্যাত, নামজলা) : মহাত্মা
গান্ধী এগৰাকী জাকত জিলিকা নেতা।
ডলাৰ বগৰী (ঘনাই মত বা বাসস্থান সলোৱা
মানুহ) : ডলাৰ বগৰীৰ দৰে হ'লে একো কামত
নাহে।
বগলী ভকত (মিছলীয়া সাধু) : সম্প্ৰতি বগলী
ভকতৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে।
গাই বাই চা (কৈ মেলি চা, কাকূতি-মিনতি কৰ) :
হাত থকা মানুহৰ ওচৰত গাই বাই চালেও টকা
পইচা নিদিলে চাকৰি পোৱাৰ আশা নাই।
১৬। ধোদৰ পচলা, হাত লৰ, চকু চৰহা, কাণে কাণ মাৰি।[HSLC'13]
ধোদৰ পচলা (এলেহুৱা, অকামিলা) : ধোদৰ
পচলা হৈ ঘূৰি ফুৰিলে একো কামত নাহে।
হাত লৰ (চোৰ স্বভাৱ) : হাত লৰ স্বভাৱৰ
মানুহৰ লগত মিতিৰালি পাতিলে নিজৰহে
বিপদ।
চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা) : চকু
চৰহা লোক সদায়ে মানসিক অস্থিৰতাত ভোগে।
কাণে কাণ মাৰি (কোনোমতে, কথমপি) :
পৰীক্ষাত সি কাণে কাণ মাৰি উত্তীৰ্ণ হোৱাত
ভাল কলেজত নামভৰ্তি কৰিব অসুবিধা পাই
আছে।
১৭। উখল মাখল, জাকত জিলিকা, আশা ভৰসা, মন বান্ধ খা।[HSLC'14]
উখল মাখল (কিবা কাম কৰিবলৈ আয়োজন
কৰোঁতে হোৱা আলোচনা) : উখল-মাখল
পৰিৱেশতো বহুতো কথা শিকিব পৰা যায়।
জাকত জিলিকা (অতি সুন্দৰ) : ছোৱালীজনী
দিনে দিনে জাকত-জিলিকা হৈ উঠিছে।
আশা ভৰসা (আশ্ৰয়) : বিপদৰ সময়ত ঈশ্বৰেই
একমাত্ৰ আশা-ভৰসা।
মন বান্ধ খা (মন দমা) : মন বান্ধ খালেহে
কামত সফলতা লাভ কৰিব পাৰি।
১৮। উখল মাখল, আঁচলৰ ধন, উৰহীৰ ওৰ, জয়দেউ কাকূতি।[HSLC'15]
উখল মাখল (কিবা কাম কৰিবলৈ আয়োজন
কৰোঁতে হোৱা আলোচনা) : ইমান উখল মাখল
হৈছে যে একো শুনিব নোৱাৰা হৈছোঁ।
আঁচলৰ ধন (অতি মৰমৰ) : মোৰ জীয়েকজনী
মোৰ বাবে আঁচলৰ ধন।
উৰহীৰ ওৰ ( আচল কথা) : উৰহীৰ ওৰ ওলাই
পৰাত ঘটনাটো সকলোৱে বুজি পালে।
জয়দেউ কাকূতি (অতি অনুনয়-বিনয়) :
মানুহজনে কত জয়দেউ কাকূতি কৰিলে,
তথাপি তেওঁৰ অন্তৰ নগলিল।
১৯। ৰমক জমক, উলহ মালহ, ডলাৰ বগৰী, তলা-নলা।[HSLC'16]
ৰমক-জমক (জিলমিলাই থকা) : সৰু সৰু
ল'ৰা-ছোৱালীবিলাকে অতি ৰমক জমকৰে
নিজৰ জন্ম দিনটো পালন কৰিব বিচাৰে।।
উলহ মালহ (আনন্দ উৎসৱ সহ) : ঘৰৰ
একমাত্ৰ ছোৱালীজনী শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ
হোৱাত ঘৰত এক উলহ মালহ পৰিবেশ।
ডলাৰ বগৰী (অনাই বনাই ঘূৰি ফুৰা) : ডলাৰ
বগৰী হৈ ফুৰিলে জীৱনত উন্নতি কৰিব
নোৱাৰি।
তলা-নলা (আঁতি গুৰি) : তলা-নলা নজনাকৈ
কোনো কথাৰে মন্তব্য দিব নালাগে।
২০। উলহ মালহ, আঁচলৰ ধন, ৰমক-জমক, এৰা ধৰা।[HSLC'17]
উলহ মালহ (আনন্দ উৎসৱ সহ) : ভাৰতীয়
ক্ৰিকেট দলটিয়ে অন্তিমখন খেল জিলাত
চৌদিশে উলহ মালহ পৰিৱেশ দেখিব পোৱা
গৈছে।
আঁচলৰ ধন (অতি মৰমৰ) : একমাত্ৰ জীয়ৰী
ইন্দিৰা গান্ধী, পিতৃ জৱাহৰলাল নেহৰুৰ
আঁচলৰ ধন আছিল।
ৰমক-জমক (বৰ্ণাঢ্য) : সৰ্বশেষত এখনি ৰমক
জমক অনুষ্ঠান অনুষ্ঠিত হৈছিল।
এৰা ধৰা (ভালকৈ মনপুতি নলগা) : এৰা ধৰা
মনোভাৱৰে কোনো কামতেই সফল হ'ব
নোৱাৰি।
২১। খাই পাত ফলা, আলাসৰ লাডু, ন দি ক, ভিৰাই লৰ মাৰ।[HSLC'18]
খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ
পাহৰা) : খাই পাত ফলা লোকক উপকাৰ কৰি
একো লাভ নাই।
আলাসৰ লাডু (অতি মৰমৰ) : আইতাকৰ বাবে
নাতিনী আলাসৰ লাডু।
ন দি ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ
ক) : এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ
যে হমেই ন দি কব পাৰোঁ।
ভিৰাই লৰ মাৰ (পেলোৱা) : সচাঁ কথা কোৱাৰ
লগে লগে সি ভিৰাই লৰ মাৰিলে।